• About
  • Advertise
  • Privacy & Policy
  • Contact
Wednesday, October 29, 2025
nationfirst365.com
  • সংবাদ প্ৰবাহ
    • ভিন্ন প্ৰান্তৰ
    • অসম দৰ্পণ
    • পূৰ্বোত্তৰ পৰিক্ৰমা
    • ৰাষ্ট্ৰীয়
    • আন্তৰাষ্ট্ৰীয়
  • নিবন্ধ সম্ভাৰ
    • সাহিত্য
    • বিজ্ঞান-প্ৰযুক্তিবিদ্যা
    • অতীত আৰু ইতিহাস
    • বিবিধ
  • মঞ্চ-পৰ্দা
  • বল্ড এণ্ড বিউটিফুল
  • ক্ৰীড়াংগণ
  • ৰুচি আৰু পাকঘৰ
  • সম্পাদকীয়
  • অন্যান্য
    • গ্ৰন্থপাঠ
    • স্বাস্থ্য
    • বাণিজ্য
    • মুখামুখি
No Result
View All Result
  • সংবাদ প্ৰবাহ
    • ভিন্ন প্ৰান্তৰ
    • অসম দৰ্পণ
    • পূৰ্বোত্তৰ পৰিক্ৰমা
    • ৰাষ্ট্ৰীয়
    • আন্তৰাষ্ট্ৰীয়
  • নিবন্ধ সম্ভাৰ
    • সাহিত্য
    • বিজ্ঞান-প্ৰযুক্তিবিদ্যা
    • অতীত আৰু ইতিহাস
    • বিবিধ
  • মঞ্চ-পৰ্দা
  • বল্ড এণ্ড বিউটিফুল
  • ক্ৰীড়াংগণ
  • ৰুচি আৰু পাকঘৰ
  • সম্পাদকীয়
  • অন্যান্য
    • গ্ৰন্থপাঠ
    • স্বাস্থ্য
    • বাণিজ্য
    • মুখামুখি
No Result
View All Result
nationfirst365.com
No Result
View All Result
  • সংবাদ প্ৰবাহ
  • ভিন্ন প্ৰান্তৰ
  • অসম দৰ্পণ
  • পূৰ্বোত্তৰ পৰিক্ৰমা
  • ৰাষ্ট্ৰীয়
  • আন্তৰাষ্ট্ৰীয়
  • সাহিত্য
  • বিজ্ঞান-প্ৰযুক্তিবিদ্যা
  • অতীত আৰু ইতিহাস
  • বিবিধ
  • মঞ্চ-পৰ্দা
  • বল্ড এণ্ড বিউটিফুল
  • ক্ৰীড়াংগণ
  • ৰুচি আৰু পাকঘৰ
  • সম্পাদকীয়
  • গ্ৰন্থপাঠ
  • স্বাস্থ্য
  • বাণিজ্য
  • মুখামুখি
Home ৰাষ্ট্ৰীয়

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

Nation First 365 by Nation First 365
July 30, 2025
in ৰাষ্ট্ৰীয়
হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?
Share on FacebookShare on TwitterShare on WhatsApp

“সকলো ঠিক হৈ যাব,” “ইতিবাচক চিন্তা”, “ইয়াত ভাগি পৰিবলৈ কি আছে?” এনেবোৰ কথা প্ৰথম দৃষ্টিত ইতিবাচক যেন লাগিব পাৰে। কিন্তু যেতিয়া মনটো বিষাদেৰে ভৰি থাকে তেতিয়া নিজকে জোৰকৈ সুখী হ’বলৈ দিয়া এই উপদেশ বিষৰ দৰে হ’ব পাৰে। মনোবিজ্ঞানত ইয়াক ‘টক্সিক পজিটিভিটি’ বা বিষাক্ত ইতিবাচকতা বুলি কোৱা হয়।

‘টক্সিক পজিটিভিটি’ কি?

বহুতে ইতিবাচক হোৱাটো মনৰ স্বাভাৱিক অৱস্থা বুলি ভাবে। কিন্তু ইতিবাচক হোৱাটো যিদৰে গুৰুত্বপূৰ্ণ, তেনেদৰে জীৱনৰ কঠিন সময়ত দুখ, কষ্ট, খঙৰ দৰে অনুভৱবোৰো অতি স্বাভাৱিক। এনে স্বাভাৱিক অনুভূতিক দমন কৰি কেৱল ইতিবাচক হৈ থাকিবলৈ চাপ দিয়াটো হিতে-বিপৰীত হ’ব পাৰে।

টক্সিক পজিটিভ মানুহে এনে আচৰণ কৰে যেন দুখী হোৱাটোৱে এটা অপৰাধ। কেতিয়াবা বন্ধু-বান্ধৱ বা পৰিয়ালে আপোনাৰ বাবে ভাল বিচৰাৰ বাবেই এই কথা ক’ব পাৰে, কিন্তু ফলাফল সদায় ভাল নহয়। নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰা বা ‘নেতিবাচক’ বুলি লেবেল লগোৱাৰ ফলত নিসংগতা আৰু মানসিক চাপ বৃদ্ধি পায়।

বিশেষজ্ঞসকলৰ মতে সুস্থ মন এটাৰ বাবে সকলো ধৰণৰ অনুভূতিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। দুখী হ’লে কন্দাটোৱে স্বাভাৱিক, খং উঠিলেও সেই কথা প্ৰকাশ কৰাটোও গুৰুত্বপূৰ্ণ। যদি আপুনি জোৰকৈ ‘ইতিবাচক’ হোৱাৰ মুখা পিন্ধে, তেন্তে সেই দমন কৰা অনুভৱবোৰে পিছত হতাশা বা উদ্বেগৰ ৰূপ লয়।

অবাঞ্চিত উপদেশৰ বোজা নিদিয়াকৈ দুখৰ দিনত আপোনজনৰ কাষত মনে মনে বহি থকাটো বহুত বেছি জৰুৰী। স্থায়ী মানসিক সুস্থতাৰ চাবিকাঠি নিহিত হৈ আছে সকলো অনুভূতিক স্বীকাৰ কৰা।

এনে পৰিস্থিতিত কি কৰিব?

১) কোনো ধৰণৰ অনুভূতি পেলাই নিদিব: হতাশা-ক্ৰোধ-ভয় সকলো স্বাভাৱিক অনুভূতি। এই অনুভৱবোৰ দমন কৰি সকলো সময়তে নিজকে জোৰকৈ হাঁহিবলৈ আৰু ভাল হোৱাৰ অভিনয় কৰিবলৈ চেষ্টা নকৰিব।

২) ছাপোৰ্টিভ, বাস্তৱবাদী মানুহৰ লগত থাকক: সদায় কেৱল ইতিবাচক শব্দ কোৱা মানুহৰ নিশ্চয় প্ৰয়োজন। কিন্তু কেতিয়াবা কেতিয়াবা জীৱনত বাস্তৱবাদী মানুহৰো প্ৰয়োজন।

৩) নিজকে সময় দিয়ক: যেতিয়া আপুনি নিৰাশ অনুভৱ কৰে, তেতিয়া সেইটো গ্ৰহণ কৰক আৰু নিজকে কওক, “এয়াও মোৰ জীৱনৰ এটা অংশ।” নিজকে চাপ নিদিব আৰু নিজকে সুস্থ হ’বলৈ সময় দিয়ক।

৪) ছ’চিয়েল মিডিয়াত ‘ফিল্টাৰ্ড হেপিনেছ’ৰ পৰা আঁতৰি থাকক: সদায় হাঁহিমুখীয়া, সুখী, নিখুঁত জীৱনৰ ছবি চাই আপুনি ভাবিব পাৰে যে সকলোৰে অৱস্থা ভাল, কিন্তু আপোনাৰ জীৱনটোহে সমস্যাৰে ভৰি আছে। এই ধাৰণাটো একেবাৰেই সঠিক নহয়। তাৰ পৰা ওলাই যাওক।

৫) মনোবিজ্ঞানীৰ পৰা সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিব: যদি আপুনি আপোনাৰ দুখ লুকুৱাই ৰাখে বা দমন কৰে, তেন্তে ই পিছলৈ এটা ডাঙৰ মানসিক সমস্যালৈ পৰিণত হ’ব পাৰে। মনোবিজ্ঞানীৰ পৰামৰ্শ লোৱাত কোনো লাজ নকৰিব।

Nation First 365

Nation First 365

NationFirst 365 হৈছে অসমৰ পৰা প্ৰকাশিত এখন বাতৰি প’ৰ্টেল। আপোনাৰ নিজা nationfirst365.in-ত পাই যাব সকলোতাজা অসমীয়াত প্ৰকাশিত বাতৰি। NationFirst 365 এখন মাল্টি-এপ ভিত্তিক, সম্পূৰ্ণভাৱে আঞ্চলিক আৰু দ্বিভাষিক ডিজিটেল নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য আৰু তৎসংলগ্ন দেশসমূহৰ সকলো দিশৰ খবৰ আপোনালোকলৈ অনাৰ প্ৰচেষ্টা চলাইছে। ইংৰাজী আৰু অসমীয়াৰ দুয়োটা সংস্কৰণত উপলব্ধ এই প’ৰ্টেলটো হৈছে এই ধৰণৰ প্ৰথমখন বাতৰি মাধ্যম। আমি ৰাজনৈতিকভাৱে সম্পূৰ্ণ নিৰপেক্ষ আৰু দক্ষিণ-পূব তথা দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত খবৰ-বাতৰিৰ সাঁকোৰ ভূমিকা পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Related Posts

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত
ভিন্ন প্ৰান্তৰ

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

by Nation First 365
July 24, 2025
63

সন্তানৰ বিকাশৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি দুজন হ’ল মাতৃ আৰু পিতৃ। মাতৃয়ে যিমানেই স্নেহ, মৰম আৰু যত্নৰে শিশুৰ মানসিক বিকাশৰ...

Read moreDetails
সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

July 24, 2025
47

শেহতীয়া পোষ্ট

  • Latest
কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

July 30, 2025
ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

July 30, 2025
বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

July 30, 2025
সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

July 30, 2025
nationfirst365.com

NationFirst 365 হৈছে অসমৰ পৰা প্ৰকাশিত এখন বাতৰি প’ৰ্টেল। আপোনাৰ নিজা nationfirst365.in-ত পাই যাব সকলোতাজা অসমীয়াত প্ৰকাশিত বাতৰি। NationFirst 365 এখন মাল্টি-এপ ভিত্তিক, সম্পূৰ্ণভাৱে আঞ্চলিক আৰু দ্বিভাষিক ডিজিটেল নিউজ প’ৰ্টেল।

Follow Us

Browse by Category

  • অসম দৰ্পণ
  • আন্তৰাষ্ট্ৰীয়
  • ক্ৰীড়াংগণ
  • বল্ড এণ্ড বিউটিফুল
  • ভিন্ন প্ৰান্তৰ
  • ৰাষ্ট্ৰীয়
  • ৰুচি আৰু পাকঘৰ
  • সম্পাদকীয়
  • সাহিত্য

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

July 30, 2025
ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

July 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2025 Design and Developed by Kareng Technologies

No Result
View All Result
  • সংবাদ প্ৰবাহ
  • ভিন্ন প্ৰান্তৰ
  • অসম দৰ্পণ
  • পূৰ্বোত্তৰ পৰিক্ৰমা
  • ৰাষ্ট্ৰীয়
  • আন্তৰাষ্ট্ৰীয়
  • সাহিত্য
  • বিজ্ঞান-প্ৰযুক্তিবিদ্যা
  • অতীত আৰু ইতিহাস
  • বিবিধ
  • মঞ্চ-পৰ্দা
  • বল্ড এণ্ড বিউটিফুল
  • ক্ৰীড়াংগণ
  • ৰুচি আৰু পাকঘৰ
  • সম্পাদকীয়
  • গ্ৰন্থপাঠ
  • স্বাস্থ্য
  • বাণিজ্য
  • মুখামুখি

© 2025 Design and Developed by Kareng Technologies